Header Ads Widget

Responsive Advertisement

অসম ভিত্তিক কুইজ

 


: অসম ৰাজ্যখন

∆: বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

∆: ভূগোল

∆: ইতিহাস

: উৎসৱ – পাৰ্বণ


∆অসম ৰাজ্যখন

 

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?

উত্তৰ : অতুলনীয়।

২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ : ৩,১১,৬৯,২৭২।

৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?

উত্তৰ : নগাঁও।

৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?

উত্তৰ : +১৬.৯৩।

৫) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?

উত্তৰ : ৭৩.১৮।

৬) প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?

উত্তৰ : গোৱালপাৰা।

৭) প্ৰশ্ন : অসমৰ পুৰণি নাম কি?

উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।

৮) প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?

উত্তৰ : ৫২% আৰু ৪৮%।

৯) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?

উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।

১০) প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?

উত্তৰ : এশিঙীয়া গঁড়।

১১) প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?

উত্তৰ : গোলাঘাট।

১২) প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰ : কৰিমগঞ্জ।

১৩) প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?

উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।

১৪) প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।

১৫) প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ : ১২৬ খন।

১৬) প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?

উত্তৰ : ১৪ জন।

১৭) প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

উত্তৰ : ৭ জন।

 

∆বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

 

১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।

২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও।

৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ : জয়সাগৰ পুখুৰী।

৪) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।

৫) প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

৬) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

৮) প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : আনন্দৰাম বৰুৱা।

৯) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

১০) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

১১) প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১২) প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

১৩) প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।

১৪) প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

১৫) প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

১৬) প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

১৭) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

১৮) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

১৯) প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

২১) প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

২২) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

২৩) প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

২৪) প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ : খাগৰিজান।

২৫) প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২৬) প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

২৭) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগ।

২৮) প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ : মাজুলী।

২৯) প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

৩০) প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

৩১) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

৩২) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৩৩) প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

৩৪) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

৩৫) প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

৩৬) প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

৩৭) প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।

৩৮) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

৩৯) প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

৪০) প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

৪১) প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

৪২) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

৪৩) প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

৪৪) প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

৪৫) প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

৪৬) প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

৪৭) প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

৪৮) প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

৪৯) প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

৫০) প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

৫১) প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

৫২) প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

৫৩) প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

৫৪) প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

৫৫) প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

৫৬) প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

৫৭) প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

৫৮) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

৫৯) প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

৬০) প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

 

 

∆ভূগোল

 

১) প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

২) প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

৩) প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)।

৪) প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

৫) প্ৰশ্ন : অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

৬) প্ৰশ্ন : অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?

উত্তৰ : চান্দডুবি।

৭) প্ৰশ্ন : উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

৮) প্ৰশ্ন : অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

৯) প্ৰশ্ন : অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?

উত্তৰ : তমচুক খাম্‌বাব।

১০) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?

উত্তৰ : বৰাইল পাহাৰে।

১১) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?

উত্তৰ : বৰাইল পাহাৰ।

১২) প্ৰশ্ন : অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

১৩) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাট।

১৪) প্ৰশ্ন : অসমত সাৰ কাৰখানা ক’ত আছে?

উত্তৰ : নামৰুপ।

১৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বোকাজান।

১৬) প্ৰশ্ন : কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : সৰ্থেবাৰী।

১৭) প্ৰশ্ন : অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোন খন ঠাইক কোৱা হয়?

উত্তৰ : চাবুৱা।

১৮) প্ৰশ্ন : অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও।

১৯) প্ৰশ্ন : অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : ৪ ভাগত-বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

২০) প্ৰশ্ন : অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান?

উত্তৰ : আনুমানিক ১৭৮ ৰ পৰা ৩০৫ ছেঃমিঃ লৈ।

২১) প্ৰশ্ন : ভাৰতৰ কোন দিশত অসম অৱস্থিত?

উত্তৰ : অসম্ ভাৰতৰ উত্তৰ – পূৱ অঞ্চলত অৱস্থিত।

২২) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি?

উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

২৩) প্ৰশ্ন : অসমৰ গাতে লাগি থকা চাৰি খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি?

উত্তৰ : বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ।

২৪) প্ৰশ্ন : অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

 

∆ইতিহাস

 

১) প্ৰশ্ন : ১২২৮ চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যু বৰণ কৰা আহোম স্বৰ্গদেউ জন কোন আছিল?

উত্তৰ : চাওলুং চুকাফা।

২) প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

৩) প্ৰশ্ন : অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল?

উত্তৰ : তৰুণ ৰাম ফুকন।

৪) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৫) প্ৰশ্ন : কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?

উত্তৰ : ১৯৬১ চনত।

৬) প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

৭) প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

৮) প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

৯) প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

উত্তৰ : ১৯০৫ চনত।

১০) প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

১১) প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

১২) প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

১৩) প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

১৪) প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

১৫) প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

১৬) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

১৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

১৮) প্ৰশ্ন : আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

১৯) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

২০) প্ৰশ্ন : আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮১ চনত।

২১) প্ৰশ্ন : অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

২২) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

২৩) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

২৪) প্ৰশ্ন : কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

২৫) প্ৰশ্ন : অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

২৬) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?

উত্তৰ : ১৯০১ চনৰ পৰা।

২৭) প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

২৮) প্ৰশ্ন : ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

উত্তৰ : ১৮৬৬ চনৰ পৰা।

২৯) প্ৰশ্ন : অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

৩০) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

৩১) প্ৰশ্ন : অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

৩২) প্ৰশ্ন : জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

৩৩) প্ৰশ্ন : অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

৩৪) প্ৰশ্ন : আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

৩৫) প্ৰশ্ন : ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?

উত্তৰ : ডিগবৈ।

৩৬) প্ৰশ্ন :  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

৩৭) প্ৰশ্ন : স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

৩৮) প্ৰশ্ন : অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

৩৯) প্ৰশ্ন : স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।

৪০) প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।

৪১) প্ৰশ্ন : অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

৪২) প্ৰশ্ন : অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

৪৩) প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?

উত্তৰ : ১৮৭৩ চনত।

৪৪) প্ৰশ্ন : প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উত্তৰ : ৰাজকুমাৰী অমৃত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।

৪৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

৪৬) প্ৰশ্ন : আহোম আৰু মোগলৰ মআজৰ শেষ যুদ্ধ খন কোন চনত আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।

৪৭) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

৪৮) প্ৰশ্ন : ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?

উত্তৰ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।

৪৯) প্ৰশ্ন : অসম আক্ৰমণ কৰা প্ৰথম জন মোগল আক্ৰমণকাৰী কোন আছিল?

উত্তৰ : মহম্মদ ইবন বখ্‌তিয়া।

৫০) প্ৰশ্ন : কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।

৫১) প্ৰশ্ন : ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

 

∆উৎসৱ – পাৰ্বণ

 

১) প্ৰশ্ন : শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?

উত্তৰ : বিহু।

২) প্ৰশ্ন : ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নৱবৰ্ষ।

৩) প্ৰশ্ন : অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?

উত্তৰ : টুচু-পূজা।

৪) প্ৰশ্ন : ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?

উত্তৰ : বাইখো।

৫) প্ৰশ্ন : অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৬) প্ৰশ্ন : কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা।

৭) প্ৰশ্ন : কামাখ্যা দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক’ শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?

উত্তৰ : অম্বুবাচী মেলা।

৮) প্ৰশ্ন : অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ : বিহু।

৯) প্ৰশ্ন : মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ-নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে?

উত্তৰ : ভেলা ঘৰ।

 

ৰীতি – নীতি, পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাস সমূহ

১) প্ৰশ্ন : তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি?

উত্তৰ : গামোছা।

২) প্ৰশ্ন : অসমীয়া মানুহে বিশিষ্ট ব্যক্তি সকলক গামোছাৰে কি জনায়?

উত্তৰ : সম্বৰ্দ্ধনা, শ্ৰদ্ধা।

৩) প্ৰশ্ন : অসমীয়া পুৰুষ সকলে পৰিধান কৰা মুখ্য পোছাক কি?

উত্তৰ : ধুতি – চুৰিয়া।

৪) প্ৰশ্ন : অসমীয়া মহিলা সকলৰ প্ৰধান সাজ-পোছাক কি?

উত্তৰ : মেখেলা – চাদৰ।

৫) প্ৰশ্ন : বিহু নৃত্য পৰিবেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে?

উত্তৰ : গামখাৰু।

৬) প্ৰশ্ন : অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত আত্মীয় – স্বজনক কিদৰে শুভেচ্ছ জনায়?

উত্তৰ : গামোছাৰে।

৭) প্ৰশ্ন : সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ২০০০ চনত।

৮) প্ৰশ্ন : বিশেষকৈ মাঘৰ বিহুত চাউলৰ গুড়িৰে কি বনোৱা হয়?

উত্তৰ : পিঠা।

৯) প্ৰশ্ন : অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশু জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসটোৰ নাম কি?

উত্তৰ : গাননি।

১০) প্ৰশ্ন : অসমৰ প্ৰধান লোক-সংগীত সমূহৰ নাম কি কি?

উত্তৰ : আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰুপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ-জাৰী ইত্যাদি।

১১) প্ৰশ্ন : অসমৰ মুখ্য লোক নৃত্য সমূহৰ নাম কি কি?

উত্তৰ : বিহু নৃত্য, সূত্ৰধাৰী নৃত্য, সত্ৰীয়া নৃত্য, বাগৰুম্বা, ওজাপালি, দেৱদাসী, দেওধানী, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্য, মিচিং বিহু, দেউৰী নৃত্য ইত্যাদি।

১২) প্ৰশ্ন : ‘চুড়াকৰণ’ কি?

উত্তৰ : অসমীয়া ব্ৰাহ্মণ আৰু আন উচ্চ হিন্দু খাপৰ ল’ৰাৰ জন্মৰ আঢ়ৈ বছৰ মান বয়সত মূৰৰ সকলো চুলি খুৰাই মাজ মূৰত সৰু চুলি একোছা ৰখাৰ সংস্কাৰটোৱেই হৈছে চুড়াকৰণ।

১৩) প্ৰশ্ন : গামোছা কি?

উত্তৰ : অসমীয়া মহিলা শিপিনীয়ে বোৱা এক ধৰণৰ কাপোৰ। অসমীয়া লোক সকলে ৰঙালী বিহুৰ সময়ত গামোছাৰে আত্মীয় স্বজনক শুভেচ্ছা জনায়।

১৪) প্ৰশ্ন : অসমীয়া সমাজত কোন কেইটা তিথিত আমিষ ভোজন নিষেধ?

উত্তৰ : অমাৱস্যা, পূৰ্ণিমা আৰু একাদশী।

১৫) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল?

উত্তৰ : ভক্তি।

১৬) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৪৪৯ চনত।

১৭) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপাল দেৱৰ দ্বাৰা অসমত কিমান খন সত্ৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১২ খন।

১৮) প্ৰশ্ন : অসমীয়া সমাজত কিহক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়?

উত্তৰ : মাছ।

১৯) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ হয়?

উত্তৰ : ১১৯ বছৰ।

২০) প্ৰশ্ন : শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰ : একশৰণ বৈষ্ণৱ ধৰ্ম।

২১) প্ৰশ্ন : মাধৱদেৱ কোন আছিল?

উত্তৰ : শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱেৰ মৃত্যুৰ পাছত মাধৱদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ গুৰি বঠা ধৰিছিল।

২২) প্ৰশ্ন : বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠান সমূহ কি কি?

উত্তৰ : সত্ৰ আৰু নামঘৰ।

২৩) প্ৰশ্ন: শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰ : নগাঁৱৰ বৰদোৱা বা বটদ্ৰৱাত।

২৪) প্ৰশ্ন : অসমৰ সত্ৰ সমূহৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ।

২৫) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ ক’ত বৈকুণ্ঠ প্ৰয়াণ হয়?

উত্তৰ : কোচবিহাৰ (বৰ্তমান পশ্চিমবংগ)।

 

 

 

 

Post a Comment

0 Comments