১. বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে --- জুইশলা ৷
২. এজনী কলী গাই ঘাটে ঘাটে পানী খায় --- বৰশী ৷
৩. হাবিত কাঁহে ওলাই নাহে --- কুঠাৰ ৷
৪. দেশ আছে মানুহ নাই, নদী আছে পানী নাই --- মানচিত্ৰ ৷
৫. ৰজাৰ ঘৰৰ ক’লী গাই ঘাটে ঘাটে পানী খায় --- বৰশী ৷
৬. পাত আছে ডাল নাই, কথা আছে মাত নাই --- কিতাপ ৷
৭. খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল --- নাৰিকল ৷
৮. পেট আছে পেটু নাই, মুখ আছে জিভা নাই --- কলহ ৷
৯. এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে --- ঢেঁকী ৷
১০. ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি --- জিভা ৷
১১. ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন --- বুঢ়া আঙুলি ৷
১২. পেট আছে পেটু নাই, মুখ আছে জিভা নাই --- কলহ ৷
১৩. এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি --- বিচনী ৷
১৪. কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় --- বিড়ি ৷
১৫. মাকে বৰশী বায়, পুতেকে সৰগ চায় --- বাঁহ গছ আৰু বাঁহ গাজ ৷
১৬. ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে --- নাও ৷
১৭. মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি --- নহৰু ৷
১৮. মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই --- ৰেডিঅ' ৷
১৯. কাণত ধৰি নাকত বহে --- চশমা ৷
২০. মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা --- জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক ৷
২১. উপি উপি বাটত আছে চুপি --- জোক ৷
২২. ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি --- ধঁপাত খোৱা হোকা-চিলিম ৷
২৩.গছৰ ওপৰত গুটি – গুটিৰ ওপৰত গছ --- মাটিকঠাঁল ৷
২৫. ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে , কোনে কিমান লেখিব পাৰে --- আকাশৰ তৰাবোৰ ৷
২৬.পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে --- দুই নখেৰে মৰে ওকনী ৷
২৭. দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত --- জিভা ৷
২৮. এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি --- জাল ৷
২৯. এডাল খেৰে ঘৰটো বেঢ়ে --- চাকি (বান্তি) ৷
৩০. টুপ টুপ টাপলি
পানী পালে মুকলি --- জাল
৩১. মামাহঁতৰ বাৰীত গ'লোঁ
সোমাব পাৰিলোঁ
ওলাব নোৱাৰিলোঁ --- চেপা
৩২. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
পিছফালে দেখি আহিছোঁ
বাঁহৰ তলত ঘৰ --- আমৰলি পৰুৱা
৩৩. আহোঁতে খুলিহে তৃপ্তি পায়
যাওতে মাৰি বাৰে বাৰে চায় ? --- তলা ছাবি
৩৪. এনু এনু এনু,
ধৰিবলৈ নাই ঠেনু ? --- কণী
৩৫. জন্ম অৱতাৰে মূৰত টুপী,
কৃষ্ণ অৱতাৰে ভুলাই গোপী,
ৰাম অৱতাৰে ৰাৱণ বধে ,
সেই তৰকাৰি ঘৰে ঘৰে --- বাঁহগছ
৩৬. আই ঐ দেহী জহৰ মহৰ
কি পোকৰ টিকাত পোহৰ ? --- জোনাকী পৰুৱা
৩৭. ওপৰত ছাটি
তলত গুটি।
তাক খাই আহিন কাতি । --- কচু
৩৮. যিয়ে দিয়ে তাকে খায়।
পানী দিলে মৰি যায়। --- জুই
৩৯. কাণত ধৰি
নাকত বহে ? --- চশমা ( বিতচকু )
৪০. কাৰাক-কুৰুক কৰে,
হেণ্ডচেক কৰিলে বমি কৰে । --- দমকল
0 Comments