Header Ads Widget

Responsive Advertisement

অসম ভিত্তিক কুইজ (part two) - Factspoints


➢ অসম ৰাজ্য খন 

➢ বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

➢ ইতিহাস

➢ ভূগোল

➢ বঁটা আৰু বঁটা বিজয়ী সকলৰ নাম


প্ৰথম ভাগ চাব ইয়াত ক্লিক কৰক  Click here






  অসম ৰাজ্য খন                                                                                                 

 1. অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?

উত্তৰ:- অতুলনীয় ।

2. অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে ?

উত্তৰ:- গোলাঘাট ।

3. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ? 

উত্তৰ:-  ৩১১৬৯২৭২ । 

4. ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি ?

উত্তৰ:- নগাঁও ।

5. অসমৰ জাতীয় প্ৰতীক কি ? 

উত্তৰ:- এশিঙীয়া গঁড় ।

7. অসমৰ পুৰণি নাম কি ? 

উত্তৰ :- কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ।

8. অসমৰ কোন খন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক ? 
উত্তৰ:- গোৱালপাৰা । 


বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ

1.  গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।

2.  এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

3. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

4. প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

5. গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

6. উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

7. নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ : খাগৰিজান।

8. অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

9. ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

10.  অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ।

11. দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

12. গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

13. নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

14. কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

15.  কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

16. গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

17. প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

18. যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

19. লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

20. সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?

উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।



ইতিহাস



1.  হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।

2. আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

3. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত।

4. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

5. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চনত।

6. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

উত্তৰ : ১৮২৩ চনত।

7. অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

8.  চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বীৰপাল।

9.  অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটী।

10. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

11. অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

12. অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

উত্তৰ : ১৫৪৮ চনত।

13. গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

14. কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

15. অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

16.  অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

উত্তৰ : ১৯৭৯ চনৰ পৰা।

17. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

উত্তৰ : ১৯১৭ চনত।

18. অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

19. জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

20.  আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।

21.  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।

22. স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

23. অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

24. স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : হৰেশ্বৰ গোস্বামী।

25. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : আকবৰ হাইদৰী।

26. অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

উত্তৰ : ভাস্কৰ বৰ্মন।

27. অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?

উত্তৰ : কলোনেল কীটিং।

28. ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’ বুলি কোৱা হয়?

উত্তৰ : দিহিং, দিবং আৰু লোহিত নদী।

29. গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯৪৮ চনত।

30. ‘অসম ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।


                ভূগোল

1. অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

2.  অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা।

3. অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি?

উত্তৰ : তমচুক খাম্‌বাব।

4. অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

5. গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

6.  অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

7.  অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)।

8. উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

9. অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

10. অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

উত্তৰ : বোকাজান।

11. কাঁহ-পিতলৰ বাচন-বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোন খন ঠাই প্ৰসিদ্ধ?

উত্তৰ : সৰ্থেবাৰী।

12. অসমৰ মাটি কেই ভাগত ভগাব পাৰি, ভাগ কেইটা কি কি?

উত্তৰ : ৪  ভাগত-    বোকামাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি।

13. অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি?

উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

14. অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা দুখন ঠাই কি কি?

উত্তৰ : ডিলাই পাহাৰ, কাৰ্বি আংলং।

15. অসমৰ কোন খন ঠাইত কয়লা চালিত তাপ-বিদ্যুৎ শক্তি কেন্দ্ৰ আছে?

উত্তৰ : বঙাইগাঁও।


বঁটা আৰু বঁটা বিজয়ী সকলৰ নাম                                               

1. অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।

2. ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

3. শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ ।

4. সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?

উত্তৰ : যতিন্দ্ৰনাথ দুৱৰা।

5. তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।

6. কোনজন অসমীয়াই ২০০০ চনত ‘ভাৰত শ্ৰী’ উপাধি লাভ কৰিছিল?

উত্তৰ : বিজিত গগৈ।

7.  কোনজন অসমীয়াক ‘সত্যজিৎ ৰায় বঁটা’ আৰু ‘দাদা চাহেব ফাল্কে বঁটা’ প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

8. ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

9. ১৯৭৯ চনত কোনজন সাহিত্যিকে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ‘মৃত্যুঞ্জয়’ উপন্যাস খনৰ বাবে।

10. ২০০০ চনৰ ২৩ ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ‘ভাযাচাৰ্য’ বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন?

উত্তৰ : ড° উপেন্দ্ৰ নাথ গোস্বামী (মৰণোত্তৰভাৱে) আৰু ড° গোলোক চন্দ্ৰ গোস্বামী।

11.  অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি?

উত্তৰ : সদস্য মহীয়ান আৰু সাহিত্যাচাৰ্য।

12. যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ : ২০১১ চনত।

13. ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।

     খেল – ধেমালি                                                                             

1. প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?

উত্তৰ : বাবুল বাৰ্মিজ।

2. অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

3. ঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা।

4. ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : অনুপ ঘটক।

5. গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

6. ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?

উত্তৰ : জাভেদ জামান।

7. অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?

উত্তৰ : স্বৰ্গীয় আৰ. জি. বৰুৱা।

8. ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তি জন কোন?

উত্তৰ : নুৰুল আমিন।

9. কোনে ফুটবল প্ৰতিযোগিতাক AIF ৰ দ্বাৰা ভাৰতৰ ‘টপ লীগ’ প্ৰতিযোগিতা হিচাপে মৰ্যাদা প্ৰদান কৰা হয়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

10. ভাৰতীয় ভলীবল দলত ভাগ লোৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?

উত্তৰ : অভিজিৎ ভট্টাচাৰ্য, ১৯৯৬ চনত।

11. পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্ৰিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?

উত্তৰ : টাং-গুটি।

12. কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৮৩ চনত।

13. বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : ১৬ টা।

14. অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

15.  ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : মাধুৰ্য প্ৰসাদ বৰুৱা। 

16. এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : ভোগেশ্বৰ বৰুৱা (১৯৬৬ চনৰ প্ৰথম এছিয়ান গেমছত)।

17. অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ বৰ্তমান যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে জনাজাত?

উত্তৰ : নিপ বৰুৱা।

18. ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উত্তৰ : গৌতম দত্ত।

19. সম চৰকাৰে কোনটো দিনক ‘অসম ক্ৰীড়া দিৱস’ হিচাপে ঘোষণা কৰিছে?

উত্তৰ : ১৭ অক্টোবৰ, ৰাধাগোবিন্দ বৰুৱাৰ জন্মদিন।

20. এছিয়ান গেমছত অংশ গ্ৰহণ কৰা অসমীয়া টেনিছ খেলুৱৈ গৰাকী কোন?

উত্তৰ : বিদ্যুৎ গোস্বামী।

Post a Comment

0 Comments