Header Ads Widget

Responsive Advertisement

ৰাতি টোপনি ক্ষতি হয় যদি

 

         টোপনি বা নিদ্রা আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য তথা গুৰুত্বপূর্ণ বিষয়। দিনটোৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত যদি ৰাতি শান্তিত টোপনি নাহে, তেতিয়া গোটেই বিষয়টো এক অভিশাপস্বৰূপ হৈ পৰে। আনকি আধা টোপনিতে জগালেও আমি বহু সময়লৈ অৱসাদগ্ৰস্ত তথা পৰিশ্ৰান্ত যেন বোধ কৰো। কিন্তু এই কথা হয়তো বহুতে নাজানে যে, আমাৰ কিছু সাধাৰণ অভ্যাসৰ বাবেই ৰাতিৰ পিচত ৰাতি আমি নিদ্রাহীনতাত কটাবলগীয়া হয়। এনে কিছু অভ্যাসৰ বিষয়ে এই লিখনিত উনুকিওৱা হ’ল—

  • ঘৰৰ তাপমাত্রা: ঘৰখনৰ বা শোৱনি কোঠাৰ ভুল তাপমাত্ৰাই মানুহৰ টোপনিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। কিন্তু ইয়াৰ লগত মানুহৰ অভ্যাসৰ কথাও জড়িত হৈ থাকে। বহু ব্যক্তিয়ে ৰাতি কোঠাত এ চি লগাই শোৱাৰ এক অভ্যাস গঢ়ি তোলে। এনেদৰে শোৱাৰ আমেজ সুকীয়া যদিও এচিৰ তাপমাত্রা ১৫-২৩ ডিগ্ৰী ছেলচিয়াছৰ মাজত ৰখা উচিত। লগতে এখন পাতলীয়া ছাদৰো গাত লৈ শোৱাৰ অভ্যাস কৰিলে অসুস্থ হোৱাৰ সম্ভাৱনা নাথাকে আৰু টোপনিও ভালদৰে আহে।
  • ব্যায়াম কৰা: শাৰীৰিক ব্যায়ামে আমাৰ ৰক্ত চলাচল প্ৰক্ৰিয়াক ভালে ৰাখে। সেইবাবেই ব্যায়াম কৰাৰ পিচতেই শোৱাতো অতি কঠিন আৰু সমস্যাপূর্ণ হৈ পৰে। এই সমস্যা দূৰ কৰিবৰ বাবে শোৱাৰ অন্ততঃ তিনি-চাৰিঘণ্টা পূর্বে ব্যায়াম কৰাটো উচিত।
  • নিয়মানুৱৰ্তিতাৰ অভাৱ: সম্পৰ্ণৰূপে বিশ্ৰামৰ বাবে ব্যক্তিৰ শৰীৰক এটি নিৰ্দিষ্ট পৰিমাণৰ সময়ৰ প্ৰয়োজন হয়। পিচে বহু লোকৰ দৈনিক কৰ্মব্যস্ততা আৰু ঘৰখনত অতিবাহিত কৰাৰ সময়ৰ তালিকাৰ বিসংগতিৰ বাবে ই সম্ভৱ হৈ নুঠে। প্ৰতিদিনে এটি নিৰ্দিষ্ট সময়সীমা ধৰি ৰাতি শোৱা আৰু টোপনিৰ পৰা পুৱা উঠাৰ অভ্যাস কৰিব লাগে। ছুটীৰ দিনা বেছিকৈ শুলেই গোটেই সপ্তাহৰ বিশ্রামৰ চাহিদা পূৰণ নহয়। সেইবাবে সদায় ৰাতি দহ-এঘাৰ বজাত শোৱাৰ অভ্যাস কৰাটো অতি প্রয়োজনীয়।
  • কেফেইন গ্ৰহণ: এই কথা আচৰিত যদিও সত্য যে, কেফেইনে আমাক টোপনিৰ পৰা দূৰত ৰাখে। কেৱল মাত্র কফিতেই নহয়, চাহ-চকলেটতো কেফেইন থাকে। সেইবাবে সন্ধিয়াৰ পিচত পৰাপক্ষত কেফেইন গ্ৰহণ বর্জন কৰাটো উচিত।
  • চিন্তাঃ আমি সদায়ে কিছু অসম্ভব চিন্তা কঢ়িয়াই ফুৰো, যাৰ বাবে জিৰণি লোৱাৰ কথাও পাহৰি যাওঁ। যাৰ বাবে আমাৰ টোপনিৰ পৰিমাণ কমি যায়। পৰাপক্ষত শোৱাৰ পূর্বে সকলো ধৰণৰ চিন্তাৰ পৰা নিজকে দূৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু কিছু ভাল স্মৃতি মনলৈ আনি টোপনি অহাৰ যত্ন কৰাটো উচিত। ভাল নিদ্ৰাই হৈছে সকলো অৱসাদ আৰু চিন্তা দূৰ কৰাৰ উৎকৃষ্ট উপায়।

Post a Comment

0 Comments